Jorhat

আজি ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলা কাৰ্য্যালয়ত আজি এক যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায়।

2021 July 25 / PRJ News Desk /Jorhat :

আজি ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলা কাৰ্য্যালয়ত আজি এক যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায়। বিজেপি জিলা সভাপতি কামাখ্যা মোহন দাসৰ সভাপতিত্বত আৰু জিলা সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়াই আঁত ধৰা উক্ত যোগদান কাৰ্য্যসূচীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দুকুৰিৰো অধিক পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিৰ লগতে জিলা, মণ্ডল আৰু পঞ্চায়ত পৰ্য্যায়ৰ বিষয়ববীয়াই কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। জিলা সভাপতি কামাখ্যা মোহন দাসৰ ভাষ্য অনুসৰি, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্য চৰকাৰখনৰ জনকল্যাণমূলক কাম-কাজৰ বাবে জনসাধাৰণৰ লগতে বিভিন্ন দল-সংগঠনৰ ব্যক্তিসকলৰ মাজতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা আৰু বিশ্বাস পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে’।
উক্ত যোগদান কাৰ্য্যসূচীত উপস্থিত থাকে জিলা উপ সভাপতি তথা ঠেঙ্গাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, ৰাজ্যিক মেডিয়া পেনেলিষ্ট হেমন্ত কলিতা, জিলা সাধাৰণ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য তথা ঠেঙ্গাল পৰিষদৰ উপ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী, কৰঙা জিলা পৰিষদৰ সদস্য ৰঞ্জন শইকীয়া, তিতাবৰ নগৰৰ প্ৰাক্তন পৌৰপতি ৰাজীব দত্ত, জিলা সম্পাদকদ্বয় দেৱজিৎ সোণোৱাল, ৰাজেশ যোশী, জিলা সামাজিক মাধ্যমৰ আহ্বায়ক শৰৎ কুমাৰ গগৈ, জিলা মেডিয়া কোষৰ সহঃ আহ্বায়ক অনিৰুদ্ধ কাশ্যপ, তিতাবৰ নগৰ মণ্ডলৰ সভাপতি মণ্টুমনি ফুকন, তিতাবৰ গ্ৰাম্য মণ্ডলৰ সভাপতি দিগন্ত হাজৰিকা আৰু সাধাৰণ সম্পাদক নিতুল চন্দ্ৰ দাস, তিতাবৰ টাউন যুৱ মৰ্চাৰ সভাপতি মৃদুপৱন কলিতা, গ্ৰাম্য মণ্ডল যুৱ মৰ্চাৰ সভাপতি গৌৰৱ কছাৰী।

Related Articles

Back to top button